হিমাচল প্ৰদেশঃ দেওবাৰে চিমলাত সুখবিন্দৰ সিং সুখুৱে হিমাচল প্ৰদেশৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত গৈ অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে হিমাচল প্ৰদেশৰ অধিক উন্নয়নৰ বাবে কেন্দ্ৰৰ পৰা সম্ভৱপৰ সকলো সহযোগিতাৰ আশ্বাস দিছো।
ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ৪০ খন আসন লাভ কৰি জয়লাভ কৰাৰ পিছতে সুখুৱে দেওবাৰে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে।
