হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ বিয়োগ

69

হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা বীৰভদ্ৰ সিঙৰ বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে ৰাজনৈতিক মহলত। চিমলাৰ ইন্দিৰা গান্ধী মেডিকেল কলেজ হাস্পতালত বৃহস্পতিবাৰে পুৱা চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ।

৬টা কাৰ্যকালৰ বাবে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰা জ্যেষ্ঠ নেতাগৰাকী যোৱা তিনিমাহৰ ভিতৰত দুবাৰকৈ কোৰোনাত আক্ৰান্ত হৈছিল। কোভিডৰ পৰা সুস্থ হৈ তেওঁ ঘৰলৈ উভতাৰ কিছুদিন পিছতে পুনৰ অসুস্থ হৈ পৰাত যোৱা ২৩ এপ্ৰিলত পুনৰ তেওঁৰ হাস্পতালত ভৰ্তি কৰা হয়। হাস্পতালতে বৃহস্পতিবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে বীৰভদ্ৰ সিঙে।

উল্লেেখ্য যে, চিকিৎসাধীন হৈ থকা অৱস্থাত চিমলাৰ ইন্দিৰা গান্ধী মেডিকেল কলেজ হাস্পতালত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডা উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিল। বীৰভদ্ৰ সিঙৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে কংগ্ৰেছৰ লগতে তেওঁৰ অসংখ্য গুণমুগ্ধই।