শ্বেৰমান আলীৰ পিছত বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক এইবাৰ শেষ সকীয়নী প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দু সভ্যতাৰ বিৰুদ্ধে কোনো বিতৰ্কিত মন্তব্য সহ্য কৰা নহব বুলি সকীয়নী দি অন্যথা জেললৈ যাব লাগিব বুলি আমিনুলক সতৰ্ক কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, কামাখ্যা মন্দিৰৰ ভূমি ঔৰংগজেৱে দান কৰিছিল বুলি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে। তাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিধায়কজনক ক্ষমা খুজিবলৈ দাবী জনাইছিল বিভিন্ন হিন্দু সংগঠনে।
আনহাতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে হিন্দু সভ্যতাৰ পৰিপন্থী কোনো বিৰ্তকিত মন্তব্য সহ্য কৰা নহ’ব। হিন্দু সভ্যতাৰ পৰিপন্থী কথা কলে কাকোয়ে সহ্য কৰা নহ’ব।ঔৰংগজেৱ বাদ দিয়ক, তেওঁৰ বাবাও আহিব পৰা নাই অসমত। এনে কথা-বতৰাই সমাজখন অস্থিৰ কৰে।শ্বেৰমান আলীটো জেলত আছেই গতিকে এইবাৰ আমিনুলো যাব লাগিব।
