নৱবৰ্ষৰ পহিলা দিনটোতে সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণ জম্মু-কাশ্মীৰত।
ৰাজৌৰীত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত নিহত কমেও ৪ জন স্থানীয় হিন্দু নিৱাসী।
সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে আন ৯ জনকৈ স্থানীয়।
জানিব পৰা মতে, ৰাজৌৰীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ আপাৰ ধনগ্ৰী গাঁৱত দেওবাৰে সন্ধিয়া সংঘটিত হয় এই আক্ৰমণ।
সন্ধিয়া এখন এছইউভি বাহনত অহা সন্ত্ৰাসবাদীৰ দলে গাঁওখনৰ ৰাম মন্দিৰৰ সমীপৰ ৩টা হিন্দু পৰিয়াললৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে।
এই গুলীবৰ্ষনত এজন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত সকলক আত্মীয় আৰু স্থানীয় লোকে ৰাজৌৰীৰ চৰকাৰী হাস্পতাললৈ লৈ যায় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু ঘটে আন ৩ জনৰ।
নিহত সকলৰ তিনিজনক ক্ৰমে- সতীশ কুমাৰ (৪৫), দীপক কুমাৰ (২৩) আৰু প্ৰীতম লাল (৫৭) বুলি চিনাক্ত কৰা হৈছে যদিও এজনৰ পৰিচয় এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
ইফালে এই আক্ৰমণত গুৰুতৰভাৱে আহত শিশু পাল (৩২), পৱন কুমাৰ (৩৮), ৰোহিত পণ্ডিত (২৭), সৰোজ বালা (৩৫), ৰিধাম শৰ্মা (১৭) আৰু পৱন কুমাৰ (৩২)ক উন্নত চিকিৎসাৰ বাবে বিমানযোগে জম্মুলৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে সেনা, চিআৰপিএফ আৰু স্থানীয় আৰক্ষীয়ে।
ইফালে এই হত্যাকাণ্ডৰ প্ৰতিবাদত স্থানীয় দল-সংগঠনে সোমবাৰে ৰাজৌৰী জিলা বন্ধ ঘোষণা কৰে।
