অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে দাবী কৰে যে হিন্দু কেতিয়াও সন্ত্ৰাসবাদী নহয়। মাংগালুৰু চহৰ উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ কানাড়া জিলাৰ মাংগালুৰু বিজেপি মিডিয়া চেণ্টাৰ, লালবাগত সংবাদ মাধ্যমক সম্বোধন কৰি শৰ্মাই অভিযোগ কৰে যে পিএফআই আৰু বজৰংগ দলক সমান কৰাৰ কাৰণ পশ্চিমীয়া সংবাদ মাধ্যমক “হিন্দুসকলো সন্ত্ৰাসবাদী’ বুলি ধাৰণা প্ৰদান কৰাৰ।
টিপু চুলতানে কেৱল নিজৰ ৰাজ্য ৰক্ষাৰ বাবে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবেই স্বাধীনতা সংগ্ৰামী বুলি কোৱা যুক্তিকো শৰ্মাই আৰু প্ৰত্যাহ্বান জনায়। “নিজৰ গৃহভূমিৰ বাবে আৰু আমাৰ সংস্কৃতি আৰু ধৰ্ম ৰক্ষাৰ বাবে সাহসেৰে প্ৰাণ আহুতি দিয়া ৮০ হাজাৰ কোদাৱৰ কথা কি ক’ব?” তেওঁ প্ৰশ্ন কৰে। ভাৰতীয় বীৰসকলে নিজৰ ভূমি আৰু ধৰ্ম ৰক্ষাৰ বাবে কৰা ত্যাগক স্বীকৃতি নিদিয়া ইতিহাস লিখাৰ বাবেও বাওঁপন্থীক সমালোচনা কৰে।
কৰ্ণাটকৰ মংগালুৰুত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো লক্ষ্য কৰি লয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। “ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ জনসাধাৰণক নিশ্চয়তা দিছে, কিন্তু ৰাহুল গান্ধীৰ নিশ্চয়তা কোনে ল’ব?” বুলি তেওঁ প্ৰশ্ন কৰে। তেওঁ লগতে উল্লেখ কৰে যে কেনেকৈ ছোনিয়া গান্ধীয়ে ৰাহুল গান্ধীক থিয় দিবলৈ যোৱা ২০ বছৰ ধৰি অকলে যুঁজিছিল, কিন্তু এবাৰ ৰাহুল গান্ধী পৰাস্ত হোৱাৰ পিছত উত্তৰ প্ৰদেশৰ পৰা সমগ্ৰ পৰিয়ালটো নোহোৱা হৈ গ’ল।
ইয়াৰ পূৰ্বে শৰ্মাই নিৰ্বাচনমুখী কৰ্ণাটকত প্ৰচাৰৰ সময়ত কংগ্ৰেছক লক্ষ্য কৰি কংগ্ৰেছৰ নেতা সিদ্দাৰমাইয়া আৰু ডি কে শিৱকুমাৰক টিপু চুলতানৰ “পৰিয়ালৰ সদস্য” বুলি অভিহিত কৰিছিল। কোদাগু জিলাৰ বিৰাজপেট বিধানসভাত অনুষ্ঠিত নিৰ্বাচনী সভাত শৰ্মাই কয় যে সিদ্দাৰমাইয়া আৰু ডি কে শিৱকুমাৰ টিপু চুলতানৰ পৰিয়ালৰ সদস্য।
