কানাড়া অভিনেতা চেতন কুমাৰে পোষ্ট কৰা এটা টুইটৰ জৰিয়তে হিন্দু আৱেগক আঘাত দিয়াৰ অভিযোগত মঙলবাৰে গ্ৰেপ্তাৰ কৰি আদালতলৈ লৈ যোৱা হয়।
চেতনে সোমবাৰে তেওঁৰ বিতৰ্কিত টুইটত লিখিছিল যে হিন্দুত্ব মিছাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
এই টুইটৰ পিছতে বজৰং দলৰ শিৱকুমাৰে এই টুইট সন্দৰ্ভত শেশাদ্ৰীপুৰম থানাত এজাহাৰ দাখিল কৰে।
তেওঁৰ অভিযোগত শিৱকুমাৰে চেতনে হিন্দুসকলৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰে।
বিগত বছৰ বিহাৰৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক লালন পাছৱানে হিন্দু দেৱতা সন্দৰ্ভত অদ্ভুত বক্তব্য দি বিতৰ্কৰ সৃষ্টি কৰিছিল।
