হিন্দীত বিক্রেতা পঞ্জীয়ন আৰু একাউণ্ট ব্যৱস্থাপনা সেৱা মুকলি এমাজনৰ

80

মিলিয়ন ভাৰতীয় উদ্যোগী,ক্ষুদ্ৰ, সৰু আৰু মজলীয়া প্ৰতিষ্ঠান (এমএছএমই),স্থানীয় দোকান আৰু খুচুৰা বিক্রেতা সকলক ইকমাৰ্ছৰ জৰিয়তে লাভান্বিত কৰাৰ ক্ষেত্ৰত ভাষাৰ প্ৰতিবন্ধকতা দূৰ কৰিবলৈ গ্ৰহণ কৰা বিশেষ প্ৰচেষ্টাৰ অংশ হিচাপে এমাজনে মঙলবাৰে বিক্রেতা সকলে Amazon,.in মাৰ্কেটপ্লেচত পঞ্জীয়ন আৰু তেওঁলোকৰ অনলাইন ব্যৱসায় পৰিচালনাৰ বাবে হিন্দীৰে আৰম্ভ কৰিব পৰাৰ কথা ঘোষণা কৰে। ইয়াত প্ৰথমবাৰৰ কাৰণে অৰ্ডাৰ সমূহ গ্ৰহণ কৰিবলৈ এমাজন বিক্রেতা হিচাপে পঞ্জীয়ন কৰাৰ পৰা আৰম্ভ কৰি সূচী ব্যৱস্থাপনা আৰু কৰ্মক্ষমতাৰ মানক প্ৰণালীত প্ৰৱেশলৈকে সকলোবোৰ তেওঁলোকৰ পছন্দৰ ভাষাত সম্পাদন কৰাক সামৰি লোৱা হৈছে। উত্তৰ প্ৰদেশ, বিহাৰ,মহাৰাষ্ট্ৰ, পাঞ্জাৱ, চত্তীশগড়, ঝাৰখণ্ড, তেলেংগনা,হিমাচল প্ৰদেশৰ ১,২ আৰু ৩য় স্তৰৰ মহানগৰ সমূহৰ শ শ এমাজন ছেলাৰ সকলে ছয় মাহ পৰীক্ষা মূলক পৰ্যায়ত তেওঁলোকৰ একাউণ্ট পৰিচালনা কৰিবলৈ হিন্দীতেই আৰম্ভ কৰিবলৈ সক্ষম হ’ব। এই সন্দৰ্ভত এমাজন ইণ্ডিয়াৰ ছেলাৰ ছাৰ্ভিছৰ ভিপি গোপাল পিল্লাই য়ে কয়”- প্ৰথম দিনটোৰ পৰাই, সমগ্ৰ ভাৰতজুৰি আৰু বিশ্বৰ প্ৰতিখন দেশৰ গ্রাহক লাভ কৰিবলৈ দেশৰ যিকোনো স্থানৰ উদ্যমী বিক্রেতা সকলক সক্ষম কৰি তুলিবলৈ আমি সদায়েই গুৰুত্ব প্ৰদান কৰি আহিছো। এই অগ্ৰগতিৰ অংশস্বৰুপে যিমান পাৰি সিমান ভাৰতীয় এমএছএমই সকলক ইকমাৰ্ছৰ ক্ষেত্ৰখনত সক্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ, আমাৰ দুগুণ প্ৰচেষ্টা গ্ৰহণৰ অংশ হিচাপেই স্বদেশীয় ভাষা, কথা আৰু ভিডিঅ’ৰ জৰিয়তে ক্ষমতাবান কৰি তোলাৰ ব্যৱস্থা হাতত লোৱা হৈছে”। যিসকল এমাজন বিক্রেতাই তেওঁলোকৰ পছন্দৰ ভাষা সলনি কৰিব খোজে তেওঁলোকে এমাজন ছেলাৰ ৱেবচাইট আৰু ছেলাৰ ম’বাইল এপ উভয়তে কেইটামান সাধাৰণ স্তৰ অনুসৰণ কৰিলেই সলনি সম্ভৱপৰ হৈ উঠিব। ডেস্কটপৰ জৰিয়তে ছেলাৰ পঞ্জীয়নৰ ক্ষেত্ৰত পছন্দৰ ভাষা সলনি কৰিবলৈ সকলো পেজৰে সোঁফালে ওপৰৰ চুকটোত থকা ‘লেংগুৱেজ ড্ৰপ ডাউন’ত প্ৰৱেশ কৰিয়েই সমাধা কৰিব পৰা যায়। ছেলাৰ এপটোত এনে কৰিবলৈ যাওঁতে, এপটোৰ ‘ছেটিংছ’ মেনুৰ জৰিয়তে পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত বাওঁফালে তলৰ চুকটোত থকা লেংগুৱেজ ড্ৰপ-ডাউনলৈ গৈয়ে সলনি কৰিব পাৰিব। এবাৰ ভাষাটো সলনি কৰিলে, বিক্রেতাই সকলো পেজ আৰু কৰ্ম সম্পাদনাৰ পদ্ধতি হিন্দীতেই প্ৰত্যক্ষ কৰিব পাৰিব।