হাৰ্ট কেয়াৰ চছাইটি আৰু ইউ এছ টি এমৰ মাজত বুজাবুজিৰ চুক্তি

103

পাৰস্পৰিক সহযোগিতাৰে কাম কৰাৰ লক্ষৰে গুৱাহাটীৰ কাষৰীয়া নমাইলস্থিত ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকনলজী , মেঘালয় আৰু হাৰ্ট হাৰ্টকেয়াৰ চছাইটি , অসমৰ মাজত ৭ ডিচেম্বৰত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে । এই উপলক্ষে ইউ এছ টি এমৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানত হাৰ্ট কেয়াৰ চছাইটিৰ সভাপতি ডা:নিৰ্মল কান্তি ভট্টাচাৰ্য্য,উপ সভাপতি ইক্ৰামুল মজিদ,
সম্পাদক দেৱাশিস বেনাৰ্জি,কোষাধ্যক্ষ ডা:গোপাল শৰ্মা,ওমেন ফৰামৰ সম্পাদিকা নিলাক্ষী গোস্বামী বৰুৱা,কাৰ্যনিৰ্বাহক সদস্য তাপস ৰঞ্জন চৌধুৰী,ড°শিখা বেজবৰুৱা গোস্বামী, ড°ৰাকেশ পাৰিৱাল,ডা:মৈত্ৰেয়ী বৰুৱা,মধুমিতা ৰয়কে ধৰি কেবাজনো বিষয়ববীয়া , ইউ এছ টি এমৰ পঞ্জীয়ক অঞ্জু হাজৰিকা ,উপাধ্যক্ষ্য অধ্যাপক জি.ডি.শৰ্মা,উপ উপাধ্যক্ষ ডঃ বলেন্দ্ৰ কুমাৰ দাস উপস্থিত থাকে ।