হায়াত হাস্পতালৰ ৰোগীৰ দেহত ক’ভিড-১৯ পজিটিভ

75

ষ্টাফৰিপৰ্টাৰ, ১৯ জুনঃ হায়াত হাস্পতালত
১৭ জুনৰ আবেলি
ভৰ্তি হোৱা মহানগৰীৰ বৰবাৰীৰ দিগন্ত হাজৰিকা নামৰ (৪৭) ৰোগীজনৰ দেহত বৃহস্পতিবাৰে ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। শুকুৰবাৰে এক প্ৰেছ বিবৃতিযোগে এই তথ্য প্ৰকাশ কৰিছে হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই। তেওঁ হাস্পতালখনৰ ৰোগী, অভিভাৱক আৰু সৰ্বস্তৰৰ ৰাইজক ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনায়। তেওঁ লগতে কয় “ৰোগীজনে সাধাৰণ শাৰীৰিক দুৰ্বলতাৰ পৰা সকাহ পাবলৈ আহিছিল। নিজৰ ৰোগ আৰু চিকিৎসা বৃত্তান্তত দিগন্ত হাজৰিকাই জনাইছিল তেওঁৰ খোৱা-বোৱাত ৰুচি নাছিল। দুবছৰ ধৰি কাঁহত ভুগি আছে আৰু তেওঁৰ ডায়েবেটিছ থকাৰ লগতে যকৃতৰ সমস্যাও আছে। চলিত মাহৰ ১১ জুনৰ পৰা ১৫ জুনলৈ তেওঁ জিএনআৰচি হাস্পতাল (ছয়মাইল)ত ভৰ্তি আছিল। হায়াত চৌহদত প্ৰৱেশৰ পাছতে বিধিসন্মতভাৱে আনসকলৰ দৰেই দিগন্ত হাজৰিকাকো চিনেটাইজ কৰা হয় আৰু মূল প্ৰৱেশদ্বাৰৰ কাষতে নিৰ্মাণ কৰা আছুতীয়া কোঠাত স্ক্ৰীনিং কৰা হয়। স্ক্ৰীনিঙত সন্দেহ হোৱাত ৰোগীজনক পোনে পোনে আইচ’লেচন ৱাৰ্ডলৈ নিয়া হয়। তেওঁৰ অভিভাৱকৰ গতিবিধি নিয়ন্ত্ৰণ কৰা হয়। সিদিনাই নমুনা সংগ্ৰহ কৰি স্বাৱ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। বৃহস্পতিবাৰে ফলাফল পজিটিভ অহাৰ লগে লগে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগক অৱগত কৰোৱা হয়। বিভাগীয় লোকে বৃহস্পতিবাৰে সন্ধিয়াই তেওঁক জিএমচিএইচলৈ নিয়া হয়।আইচ’লেচন ৱাৰ্ডটো সম্পুৰ্ণ চিনেটাইজ কৰি ছীল কৰা হৈছে। ৰোগীৰ সংস্পৰ্শলৈ অহা দুজন চিকিৎসক আৰু ৫ গৰাকী নাৰ্ছক হোম কোৱাৰেন্টীনত ৰখা হৈছে। এই ৰোগীজনৰ পৰা হায়াত হাস্পতালৰ ৰোগী, চিকিৎসক, কৰ্মচাৰী কাৰো দেহত কৰ’না ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনা নাই বুলি প্ৰকাশ কৰি মহাপ্ৰবন্ধক দত্তই কয় হাস্পতালৰ দৈনন্দিন সেৱা পূৰ্বৰ দৰেই অব্যাহত আছে।”