হাথৰস কাণ্ডঃ উচ্চতম ন্যায়ালয়ৰ ৰায়, উচ্চ ন্যায়ালয়ে নিজৰ ৰাখিব চিবিআই তদন্তৰ ওপৰত…

55

ডিজিটেল ডেস্কঃ হাথৰস কাণ্ডৰ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। হাথৰস কাণ্ডৰ চিবিআই তদন্তৰ ওপৰত নজৰ ৰাখিব উচ্চ ন্যায়ালয়ে। দেশ কঁপোৱা উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডৰ নিৰ্যাতিতাৰ পৰিয়ালে এই গোচৰৰ ট্ৰায়েল উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ বদলি কৰাৰ বাবে আবেদন জনাইছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয় যে গোচৰৰ তদন্ত চলাই থকা চিবিআইয়ে তদন্তৰ প্ৰতিবেদন উচ্চ ন্যায়ালয়ক অৰ্পণ কৰিব। তাৰ পিছত উচ্চ ন্যায়ালয়ে নিৰ্ণয় ল’ব গোচৰৰ ট্ৰায়েল বদলি কৰা উচিত নে অনুচিত।

মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ বি ৰামাসুব্ৰমণিয়ামৰ বিচাৰপীঠে এই আবেদনৰ ৰায়দান কৰে। উল্লেখ্য যে, নিৰ্যাতিতাৰ পৰিয়াল আৰু এখন ৰাজহুৱা আবেদনৰ শুনানি গ্ৰহণ কৰি যোৱা ১৫ অক্টোবৰত উচ্চতম ন্যায়ালয়ে ৰায় সুৰক্ষিত ৰাখিছিল। আবেদনত নিৰ্যাতিতাৰ পৰিয়ালে উত্তৰ প্ৰদেশত গোচৰৰ নিৰপেক্ষ শুনানি সম্ভৱ নহয় বুলি উল্লেখ কৰি শুনানি দিল্লীলৈ স্থানান্তৰিত কৰাৰ আহ্বান জনাইছিল।