হাথৰসৰ এছডিএমৰ বিৰুদ্ধে শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ সাংসদৰ…

88

ডিজিটেল ডেস্কঃ হাথৰসত গণধৰ্ষণৰ বলি হৈ মৃত্যুক সাৱটি লোৱা নিৰ্যতিতাৰ পৰিয়ালক সাক্ষাতৰ বাবে যোৱাৰ সময়ত শুকুৰবাৰে শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে সদৰ এছডিএম প্ৰেম প্ৰকাশ মীনাৰ বিৰুদ্ধে। তৃণমুল কংগ্ৰেছৰ সাংসদ প্ৰতিমা মণ্ডল আৰু প্ৰাক্তন সাংসদ মমতা ঠাকুৰে এছ ডি এমৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, যোৱা ২৯ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰসত ৪ পাষণ্ডৰ হাতত ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ মৃত্যু ঘটিছিল। তাৰ পিছতে সমগ্ৰ দেশত ক্ষোভৰ উদগীৰণ ঘটে। বিশেষকৈ যুৱতীগৰাকীৰ মৃত্যুৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে একপ্ৰকাৰ মইমতালি কৰি নিশাৰ অন্ধকাৰত যুৱতীগৰাকীৰ মৃতদেহৰ অন্তিম সংস্কাৰ কৰাক লৈও দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ মাজতে নিৰ্যাতিতাৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকো আধা বাটতে আৱদ্ধ কৰি শাৰিৰীকভাৱে অপদস্থ কৰিছিল নয়ডা আৰক্ষীয়ে।