হাতীগাঁৱৰ সমাজকৰ্মী খগেন কলিতাৰ মৃত্যু

111

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সমাজকৰ্মী তথা জ্যেষ্ঠ নাগৰিক খগেন কলিতাৰ শুকুৰবাৰে নিশা বৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। হাতীগাঁও অঞ্চলৰ উত্থান-পতনৰ সাক্ষী কলিতাই মৃত্যুৰ আগমুহূৰ্তলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল৷ সমাজকৰ্মীগৰাকীৰ মৃত্যুত কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে৷ হাতীগাঁও ৰঙালী বিহু উদযাপন সমিতি, হাতীগাঁও নৱাৰুণ শাখা সাহিত্য সভা, হাতীগাঁও নাগৰিক সমিতি, হাতীগাঁও নামঘৰ সমিতি, দুৰ্গাপূজা সমিতিয়ে খগেন কলিতাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আত্মাৰ সদ্গতি কামনা কৰি মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ হাতীগাঁও-সিজুবাৰী আঞ্চলিক ছাত্ৰ সন্থাও জ্যেষ্ঠ নাগৰিক তথা সমাজকৰ্মীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়৷