হাটীগাঁৱত ‘কা’ আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি, পুনৰ তীব্রতৰ হৈছে ‘কা’ আন্দোলন

76

গুৱাহাটী:- ৫ গৰাকী শ্বহীদৰ তেজে ধোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে এতিয়া এটা বছৰ গৰকিলে। এটা বছৰত সলনি হৈছে সময় আৰু বহু কিছু! কেব গুচি কা হৈছে। আন্দোলনৰ গইনা লৈ এতিয়া ৰাজনীতিত ভৱিষ্যতৰ সপোন ৰচিছে বহু জনে। চৰকাৰী সমৰ্থকে শ্বহীদক দুস্কৃতিকাৰী আখ্যা দিছে।

আৰু বহু সলনি হৈছে এই এটা বছৰতে! ২০১৯ চনৰ ডিচেম্বৰৰ ১২ তাৰিখ আছিল সেইদিনা। নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত হাজাৰ হাজাৰ প্ৰতিবাদী অসমীয়াৰে গজগজাই উঠিছিল মহানগৰ। সেই দিনটোতে শ্বহীদ হৈছিল অসমী আইৰ বাবে ৰাজপথলৈ ওলাই অহা ছয়গাৱৰ দিপাঞ্জল দাস। কা আন্দোলনত চৰকাৰী হাতোৰাই পিষ্ট কৰা প্ৰথমগৰাকী শ্বহীদ আছিল দিপাঞ্জল।

চৰকাৰে বন্দুকেৰে ৰুধিব বিচাৰিছিল এই প্ৰতিবাদ। যাৰ পৰিণতিত শ্বহীদৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে। শ্বহীদ হল গুৱাহাটী হাতীগাওঁৰ চেম ষ্টেফৰ্ড, ডিব্ৰুগড়ৰ দ্বীজেন্দ্ৰ পাংগিং, ওদালগুৰিৰ ঈশ্বৰ নায়ক আৰু বৰপেটাৰ আব্দুল আলিম।

কিন্তু ৫ গৰাকীকৈ যুৱকৰ আত্ম বলিদানেও গা লৰাব নোৱাৰিলে চৰকাৰৰ। প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই অৱশেষত আইনৰ ৰূপ দিয়া হল নাগৰিকত্ব সংশোধনী বিধেয়কক।

এই আন্দোলনৰ সন্মুখত থিয় দি চৰকাৰৰ সমালোচনা কৰা বহু নেতা-শিল্পী এতিয়া কংগ্ৰেছ-বিজেপিৰ দৰে ৰাজনৈতিক দলৰ সদস্য। আন্দোলনৰ গইনা লৈ এতিয়া গঠন হৈছে দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ। টিভিৰ ষ্টুডিওৰ মজিয়াত বহি দুস্কৃতিকাৰী আখ্যা দিয়া হৈছে ৫ শ্বহীদক।

শ্বহীদৰ তেজেৰে ৰাঙলী হোৱা কা আন্দোলনে চাওঁতে চাওঁতে এটা বছৰ গৰকিলে। আন্দোলন এতিয়া মাথোঁ এক অতীত। দিপাঞ্জল, চেম, দ্বিজেন্দ্ৰ, ঈশ্বৰ নায়ক, আব্দুল আলিম এতিয়া মাথোঁ ৰাজনৈতিক স্বাৰ্থত ব্যৱহৃত নাম হৈয়েই যেন ৰৈ গৈছে।

আজি কা আন্দোলনৰ পঞ্চ শ্বহীদক পুনৰ এবাৰ স্মৰণ কৰা হল এবছৰীয়া দিনটোত। হস্তীগাঁৱত আছুৰ উদ্যোগত আজি শ্বহীদৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পিছতে পুনৰ এবাৰ কা বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰে মহানগৰ। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মান লোৱা নহয় বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।