হাজোৰ বৰ্ণিত ৰক্তাক্ত পৰিস্থিতি, কাৰণ এটা ছাগলী…

83

এটা ছাগলীক কেন্দ্ৰ কৰি ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ’ল হাজোৰ দক্ষিণ বৰ্ণিৰ আন্ধুপাৰাত। অভিযোগ অনুসৰি, কেফেটুল্লা আলী নামৰ গাঁওখনৰ এটা ছাগলী চুবুৰীয়া আজগৰ আলী নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰিছিল। তাৰ পিছতে কেফেটুল্লা আলীয়ে ছাগলীটো হত্যা কৰাৰ অভিযোগ কৰাত দুয়ো পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।

পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাই মাৰপিটৰ ৰূপ পায়গৈ। দা-লাঠী লৈ দুয়ো পক্ষই আক্ৰমণ কৰাত মহিলাসহ ৭ জন লোক আহত হয়। পিছত তেজেৰে তুমুৰলি অৱস্থাত আহত কেইজনক হাস্পতালত ভৰ্তি কৰা হয়। ইফালে ঘটনা সন্দৰ্ভত দুয়ো পক্ষই পৃথকে পৃথকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।