হাজোত ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত এই পৰ্যন্ত ৫ জন ভুৱা টেট শিক্ষকক আটক কৰা হৈছে। হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত সোমবাৰৰ নিশাৰ পৰা এই অভিযান চলোৱা হৈছিল।
বক্ৰ পথেৰে বিটিআৰত হাইস্কুলৰ টেট শিক্ষকৰ নিযুক্তি লাভ কৰা হাজোৰ ১নং ভেলকৰ আৰু বঙালপাৰা অঞ্চলৰ পৰা এই ৫ গৰাকী ভুৱা টেট শিক্ষকক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন শিক্ষক বঙালপাৰাৰ দিলদাৰ হুছেইন, মুক্তাৰ আলী আৰু ১নং ভেলকৰৰ আক্কাছ আলী, আজমূল হক আৰু নাজামুদ্দিন আহমেদ।
ইতিমধ্যে আটকাধীন আটাইকেইগৰাকী শিক্ষকক সোধা–পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে। অনৈতিক পথেৰে টেট শিক্ষকৰ চাকৰি লাভ কৰা ভুৱা শিক্ষকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
