প্ৰতীকি ফটো
গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ হাজোত এটা আৱাসিক ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড।
কামৰূপ জিলাৰ হাজো মহকুমাৰ দক্ষিণ সিংটা গাঁৱত অৱস্থিত বিষ্ণুৰাম মালাকাৰৰ বাসগৃহত এই ঘটনা সংঘটিত হয়।
তথ্য অনুসৰি ঘৰৰ মন্দিৰ এলেকাত জ্বলি থকা মাটিৰ চাকিৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয়।
পিছত স্থানীয় লোকে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ঘৰটো সম্পূৰ্ণৰূপে ছাই হৈ পৰা বুলি সূত্ৰই জনায়।
এই ঘটনাত কোনো লোক আহত বা হতাহতিৰ খবৰ পোৱা নাই।
ভয়ংকৰ অগ্নিকাণ্ডত লাখ লাখ মূল্যৰ সামগ্ৰী নষ্ট হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে।
