এটিএমৰ পৰা টকা উলিয়াই দিয়াৰ চলেৰে এটিএম কাৰ্ড সালসলনি কৰি হাজোত আটক হ’ল ঈৰাণী গ্ৰুপৰ সদস্য। জানিব পৰা মতে, হাজোৰ দমদমাৰ এটা এটিএমত মঙলবাৰে দিনৰ প্ৰায় ১১ বজাত টকা উলিয়াবলৈ গৈছিল এজন যুৱকে। তেওঁ এটিএমৰ পৰা টকা উলিয়াবলৈ দুবাৰ চেষ্টা কৰাৰ পিছতো ব্যৰ্থ হোৱাত কাষতে ৰৈ থকা আন এজন যুৱকে টকা উলিয়াই দিম বুলি যুৱকজনৰ হাতৰ পৰা এটিএম কাৰ্ডখন লৈ লয়। কিন্তু সন্দেহজনক ঈৰাণী গ্ৰুপৰ সদস্যজনে অতি কৌশলেৰে যুৱকজনৰ এটিএম কাৰ্ডখন ৰাখি আন এখন এটিএম কাৰ্ড যুৱকজনক এটিএমত টকা নাই বুলি কয় আৰু সেই স্থানৰ পৰা গোপনে পলায়ন কৰে।
ইফালে এই ঘটনাৰ কিছু সময় পিছত যুৱকজনে এটিএম কাৰ্ডখনত নিজৰ নামৰ পৰিৱৰ্তে আনৰ নাম প্ৰত্যক্ষ কৰাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। যুৱকজনে চোৰ চোৰ বুলি চিঞৰিবলৈ আৰম্ভ কৰাত সমগ্ৰ ঘটনা বনজুইৰ দৰে বিয়পি পৰে। পিছত স্থানীয় হাজো আৰক্ষীৰ সহযোগত একাংশ লোকে খেদি খেদি হাজোৰ বৰম্বৈ পাহাৰত এজন বাবাৰূপী লোকসহ ৪জন সন্দেহজনক ঈৰাণী গ্ৰুপৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়। এইছআৰ ৩১জে ৫১৫১ নম্বৰৰ এখন বিলাসী বাহনেৰে ঈৰাণী গ্ৰুপৰ সদস্যকেইজনে পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী আৰু ৰাইজে গাড়ীসহ আটাইকেইজনক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে সদৰী কৰা মতে, ধৃত সন্দেহজনক ঈৰাণী গ্ৰুপৰ সদস্য কেইজন হাৰিয়ানাৰ বাসিন্দা। লোককেইজনৰ পৰিচয় ক্ৰমে- সন্দীপ সিং(৩৫), সঞ্জীৱ কুমাৰ(৩৭), ৰমেশ কুমাৰ(৩০) আৰু মহানন্দ দলৈত গুৰি (৪৫) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত ঈৰাণী গ্ৰুপৰ সদস্য কেইজনৰ পৰা এখন চোকা অস্ত্ৰৰ লগতে বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে হাজোত সংঘটিত আন চুৰি, লুটৰ ঘটনাৰ লগতো এই ঈৰাণী গ্ৰুপৰ সদস্য কেইজন জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
