ষ্টাফৰিপৰ্টাৰ, ১১ জুন ::
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰ্থিক বাধা নেওচি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰী সকলক মুখ্যমন্ত্ৰী আইন উপদেষ্টা শান্তনু ভৰালীয়ে শুকুৰবাৰে সম্বৰ্ধনা
জনায় ৷ মহানগৰীৰ বিভিন্ন চৰকাৰী- বেচৰকাৰী বিদ্যালয়ৰ পৰা আৰ্থিক বাধা নেওচি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় শতাধিক ছাত্ৰছাত্ৰীক একোখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে একোখন অভিধান উপহাৰ দিয়ে ৷কৰ’না মহামাৰীৰ বাবে সামাজিক দুৰত্ব বজাই ৰাখি মহানগৰীৰ শিলপুখুৰী, চানমাৰি, আমবাৰী, গান্ধীবস্তী, নৱগ্ৰহ উজনবজাৰকে ধৰি বিভিন্ন অঞ্চলৰ শিক্ষাৰ্থী সকলৰ নিজ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা গৰাকীয়ে ৷এই ক্ষেত্ৰত শান্তনু ভৰালীয়ে জানিবলৈ দিয়ে যে সদ্যঘোষিত হাইস্কুল শিক্ষাৰ্থী সকলে যঠেষ্ট কষ্টৰে পৰীক্ষা দিবলগা হৈছিল ৷কিয়নো সেই সময়ছোৱাত কা’আন্দোলনে ব্যাপক ৰুপ লৈছিল ৷৷ তেনেস্থলত এচাম ছাত্ৰছাত্ৰীয়ে সকলো বাধা নেওচি সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ আৰ্থিক বাধা লগতে অন্যান্য বাধা যেন শিক্ষা গ্ৰহনত হেঙাৰ নহয় সেয়া প্ৰমাণিত হ’ল হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰছাত্ৰী সকলৰ পৰাই ৷৷ এই ক্ষেত্ৰত উত্তীৰ্ণ শিক্ষাৰ্থী সকলক সামন্য উৎসাহ জগোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহন কৰা বুলি ভৰালীয়ে উল্লেখ কৰে ৷৷