ষ্টাফৰিপৰ্টাৰ, ৮ জুন : অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান প্ৰাপ্ত হিয়াশ্ৰী শর্মাক বাসগৃহত সম্বৰ্ধনা জনোৱা হয়। সোমবাৰে গুৱাহাটীৰ মানতৰা অন্ত:কছাৰী পথস্থিত মেধাবী ছাত্ৰী গৰাকীৰ বাসগৃহত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকি শৰাই, জাপি আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়। স্থানীয় বিধায়ক গৰাকীয়ে মেধাবী ছাত্ৰী গৰাকীক সহায় সহযোগিতা আগবঢ়োৱাই যাব বুলি কয়। লগতে দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়খনৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে পাঁচ লাখ টকাৰ অনুদান আগবঢ়াব বুলি কয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্টুপীয়া সভাখনত হিয়াশ্ৰী শর্মাৰ পিতৃ উমেশ চন্দ্ৰ শৰ্মা, শিক্ষাবিদ সুশীল বৰঠাকুৰ, শিক্ষক যতীশ দলৈ, হেমেন বৈশ্য আদিয়ে চমু বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানত
দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক উপস্থিত থাকে।