ষ্টাফৰিপৰ্টাৰ, ৭ : অসম মাধ্যমিক শিক্ষা পৰিষদে শনিবাৰে ঘোষণা কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান প্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতাক ৫০ হেজাৰ টকাৰ চেক দেওবাৰে প্ৰদান কৰে আজমল ফাউণ্ডেচনে ৷ আজমল ফাউণ্ডেচনৰ চি ই অ বদৰদ্দিন আজমল আৰু ন্যাসৰক্ষী চিৰাজুদ্দিন আজমলে মেট্ৰিকত প্ৰথম স্থান প্ৰাপ্ত ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতালৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষনা কৰিছিল ৷ সেইমৰ্মে দেওবাৰে আজমল ফাউণ্ডেচনৰ হৈ মুজিবুৰ ৰহমান,জেহিৰুল ইচলাম আৰু ফজলুল কৰিমে আনুষ্ঠানিক ভাৱে ধৃতিৰাজ বাস্তৱ কলিতাৰ বাসগৃহত উপস্থিত হৈ আৰ্থিক সহযোগিতা আগবঢ়ায় শিক্ষাৰ্থি জনক ৫০ হেজাৰ টকাৰ চেক প্ৰদান কৰাৰ লগতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ আজমল ফাউণ্ডেচনৰ হৈ উপস্থিত থকা মুজিবুৰ ৰহমানে ধৃতিৰাজক অভিনন্দন জনোৱাৰ লগতে ভৱিশ্যতে আগোৱাই আৰু সুনাম অৰ্জন কৰিব বুলি আশা ব্যক্ত কৰে ৷