হাইলাকান্দিত সৰবৰাহৰ সময়তে আৰক্ষীৰ হাতত জব্দ প্ৰায় ৪ হাজাৰ য়াবা টেবলেট।
গোপন খবৰৰ ভিত্তিত হাইলাকান্দি আৰক্ষীয়ে নাৰায়ণপুৰত বাইপাছৰ কাষত এটা চেকপইণ্ট স্থাপন কৰি এই অভিযান চলায়।
অভিযানৰ সময়ত আৰক্ষীয়ে এখন বাহনৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ য়াবা টেবলেটখিনি।
তদুপৰি নিচাযুক্ত দ্ৰব্য উদ্ধাৰৰ সৈতে জড়িত দুজন লোকক আৰক্ষীয়ে আটক কৰে। বিষয়াসকলে জনোৱা মতে তেওঁলোকক ফৰিজুদ্দিন লস্কৰ আৰু ৰহমত আলী মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে।
ইফালে, আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দ কৰা ইয়াবা টেবলেটৰ মূল্য প্ৰায় ৪০ লাখ টকা বুলি অনুমান কৰা হৈছে।
ইয়াৰ উপৰিও আৰক্ষীয়ে চোৰাং ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা বাহনখনো জব্দ কৰে বুলি বিষয়াসকলে আৰু উল্লেখ কৰে।