হাইলাকান্দিত চাঞ্চল্যকৰ কাণ্ডঃ প্ৰতিৱেশীৰ গুলীত আহত এজন, হস্তনিৰ্মিত বন্দুক উদ্ধাৰ

92

হাইলাকান্দি জিলাৰ বিলাইপুৰ এলেকাত গুলীয়াগুলীৰ ঘটনা। দুই প্ৰতিবেশীৰ কাজিয়াৰ পিছতে এজনে গুলীয়াই আন প্ৰতিবেশীক। গুলী চালনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ডালিম উদ্দিন লস্কৰ নামৰ এজন ব্যক্তিক। আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা হস্ত নিৰ্মিত বন্দুক।

সামান্য অৰ্থকলৈ দুই প্ৰতিবেশীৰ কাজিয়া অন্তপৰিল গুলীয়া-গুলীত। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৰ বিলাইপুৰ এলেকাৰ পূৰ্ব বালিছেড়া গাঁৱত বৃহস্পতিবাৰে নিশা সংগঠিত হয় এই ঘটনা। গাঁৱৰ স্থানীয় বাসিন্দা মজিবুৰ ৰহমান বড়ভূঞা নামৰ এগৰাকী ব্যক্তিক গুলীয়াই তেওঁৰে প্ৰতিবেশী ডালিম উদ্দিন লস্কৰে ।

পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা হস্ত নিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ কৰে ডালিম উদ্দিন লস্কৰক। তেওঁৰ বিৰুদ্ধে লালা আৰক্ষী চকিত ১০৫ / ২২ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৩২৬, ৩০৭ আৰু ইণ্ডিয়ান আৰ্মচ এক্টৰ অধীনে গুচৰ ৰজু কৰিছে আৰক্ষীয়ে। ইপিনে, আহত মজিবুৰ ৰহমান বড়ভূঞা বৰ্তমানে বিলাইপুৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন । তেওঁৰ হাতত লাগিছে গুলী।