ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ হাইলাকান্দিত আৰক্ষীৰ গুলীত নিহত ম’ষ্ট ৱাণ্টেড কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী।
দেওবাৰে হাইলাকান্দি আৰু কৰিমগঞ্জ সীমান্তৰ লখিমীনগৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় কয়লা মাফিয়াজন।
উল্লেখ্য যে, কয়লা মাফিয়াজনক শনিবাৰে কৰিমগঞ্জ জিলাৰ সুতাৰকান্দিৰ পৰা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
হাইলাকান্দিৰ লালা অসামৰিক চিকিৎসালয়ত চিকিৎসা পৰীক্ষাৰ সময়ত মাফিয়াজনে আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ পিছত আৰক্ষীয়ে গুলীচালনা কৰে।
