হত্যা আৰু বলাৎকাৰৰ কথা স্বীকাৰ কৰাৰ পিছতো গাজিয়াবাদ আৰক্ষীয়ে এৰি দিলে ২ অভিযুক্তক

57

ডিজিটেল ডেস্কঃ অভিযুক্তই নিজেই স্বীকাৰ কৰিছে বলাৎকাৰ আৰু হত্যাৰ কথা। তাৰ পিছতো উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰক্ষীয়ে অভিযুক্তক মুকলি কৰি দিয়াৰ ঘটনাই এতিয়া সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, চলিত বৰ্ষৰ ১ আগষ্টত গাজিয়াবাদৰ লোনীত হত্যা আৰু বলাৎকাৰৰ বলি হৈছিল এটি ৯ বছৰীয়া শিশু। এই ঘটনাৰ পিছত আৰক্ষীয়ে খালিদ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত খালিদে স্বীকাৰ কৰে যে তাৰ ভিনিহিয়েক ৰাজুৱে কন্যা শিশুটিৰ বলাৎকাৰ কৰাৰ পিছত ডিঙি চেপি হত্যা কৰিছিল। তাৰ পিছত ঘৰৰ চাদৰ এডাল ৰ’ডত ওলোমাই থৈছিল মৃতদেহটো। এই কাণ্ডত ৰাজুক সহায় কৰা বুলিও আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল অভিযুক্ত খালিদে।

কিন্তু ইয়াৰ পিছতো আৰক্ষীয়ে ৰাজুক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আনজন অভিযুক্ত খালিদকো মুকলি কৰি দিয়ে। আৰক্ষীৰ মতে, শিশুটিৰ মৰোণত্তৰ পৰীক্ষাত শিশুটিৰ মৃত্যু ফাঁচী লগাৰ ফলত হৈছে আৰু বলাৎকাৰৰ কোনো সম্ভাৱনা মৰোণত্তৰ পৰীক্ষাত প্ৰকাশ পোৱা নাই। সেইবাবেই দুয়োজন অভিযুক্তক এৰি দিয়া হৈছে।

কিন্তু শিশুটিৰ পিতৃয়ে এয়া বলাৎকাৰ আৰু হত্যাকাণ্ড বুলি বাৰাম্বাৰ দাবী কৰাত অৱশেষত আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰে যদিও তাৰ পিছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নহ’ল। ইফালে খালিদ নামৰ অভিযুক্তজনক আৰক্ষীয়ে চলাই থকা জেৰাত অভিযুক্তৰ স্বীকাৰোক্তিৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰত তৎপৰতা দেখালেও বৰ্তমান খালিদ আৰু ৰাজু পলাতক অৱস্থাত আছে।