হত্যাৰ গোচৰত তেজপুৰৰ পৰা গ্ৰেপ্তাৰ সেনা বিষয়াক…

126

তেজপুৰত এজন সেনা বিষয়াক হত্যাৰ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত সেনা বিষয়াজনৰ নাম লেফটেনেণ্ট কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়া।

তেজপুৰ সেনা বেটেলিয়নৰ চতুৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ হয় সিঙক।

চাংসাৰি আৰক্ষীয়ে তেজপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে বিষয়াজনক।

উল্লেখযোগ্য যে যোৱা ১৫ ফেব্ৰুৱাৰীত কামৰূপৰ চাংসাৰিৰ পৰা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

মৃতদেহটো ৰাষ্ট্ৰীয় ঘাইপথ ৩১ৰ সমীপত পেলাই দিয়া হৈছিল।

তেতিয়াৰ পৰাই হত্যাকাণ্ডৰ আঁৰত জড়িত লোকসকলক আটক কৰিবলৈ চাংসাৰি আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল।

অমৰিন্দৰ সিং পঞ্জাৱৰ বাসিন্দা। অভিযোগ অনুসৰি তেওঁ মহিলাগৰাকীৰ সৈতে বহুদিনৰ পৰা প্ৰেমৰ সম্পৰ্কত আছিল।

সিং তেজপুৰ সেনাবাহিনীত জনসংযোগ বিষয়া হিচাপে কৰ্মৰত আছিল।