গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে হাতীগাঁৱৰ বাসগৃহত আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
মৃত চিকিৎসকজন জি এম চি এইচৰ পেথ’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ আইভী শৰ্মা বুলি জানিব পৰা গৈছে।
সূত্ৰ অনুসৰি দেওবাৰে পুৱাই হাতীগাঁৱৰ বশিষ্ঠপুৰ লেন নং ৩ত থকা নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হয় মহিলা চিকিৎসক গৰাকীৰ মৃতদেহ।
খবৰ অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰত উপস্থিত আছিল ডাঃ শৰ্মাৰ স্বামী ডাঃ দেবজিত চৌধুৰী। ঘৰৰ আন এটা কোঠাত তেওঁ আছিল। পত্নীক বিচাৰি ফুৰাৰ পিছত তেওঁলোকৰ কন্যা কোঠাৰ ভিতৰত আবদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে। নিৰন্তৰ চেষ্টাৰ অন্তত তেওঁ কোঠাটোৰ দুৱাৰ ভাঙি খুলি ফেনত ওলমি থকা মৃতদেহ উদ্ধাৰ কৰে।
ইয়াৰ পিছতে ততাতৈয়াকৈ জি এম চি এইচলৈ লৈ যোৱা হয় আৰু চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
কিন্তু কি কাৰণত তাই এই দুৰ্ভাগ্যজনক পদক্ষেপ ল’লে সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই।
ইফালে আৰক্ষীয়ে গোচৰ ৰুজু কৰি এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ খবৰ অনুসৰি ডাঃ শৰ্মা দীৰ্ঘদিন ধৰি মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল আৰু অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল।
ডাঃ আইভী শৰ্মাৰ স্বামী ডাঃ দেৱজিৎ চৌধুৰী জিএমচিৰ ষ্টেট কেন্সাৰ ইনষ্টিটিউটৰ অধীক্ষক।
