হঠাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সাক্ষাৎ ৰাইজৰ দলৰ প্ৰতিনিধিৰ…

81

গুৱাহাটীঃ সন্মুখত উপ নিৰ্বাচন। নিৰ্বাচনক লৈ তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল। এফালে শাসকীয় বিজেপি দলৰ প্ৰভূত্ব, আনফালে উপ নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিদ্বন্দ্বিতাক লৈ বিৰোধী মহাজোঁটৰ মাজত দেখা দিছে জটিলতাই। তাৰ মাজতে আজি হঠাৎ ৰাজীৱ ভৱনত উপস্থিত হৈ কংগ্ৰেছৰ প্ৰদেশ সভাপতি ভূপেন বৰা আৰু কৰ্যকৰী সভাপতি ৰাণা গোস্বামীক সাক্ষাৎ কৰে অখিল গগৈৰ ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে। উল্লেখ্য যে, মমতা বেনাৰ্জীক সাক্ষাতৰ বাবে অখিল গগৈ কলকতালৈ যোৱাৰ সময়তে ৰাইজৰ দলৰ প্ৰতিনিধি দলে কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ কৰাৰ বিষয়টোৱে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইফালে ৰাইজৰ দলৰ প্ৰতিনিধিৰ সাক্ষাতক এক সৌজন্যমূলক সাক্ষাত হিচাপে অভিহিত কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে পৰৱৰ্তী সময়ত অখিল গগৈৰে আলোচনাত মিলিত হ’ব কংগ্ৰেছৰ তিনি কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে পুৰকায়স্থ।

জাকিৰ হুছেইন শিকদাৰে কয়, “এয়া সৌজন্যমূলক সাক্ষাৎ আছিল দুয়োটা দলৰ৷ পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে আলোচনা হ’ব দুয়োটা দলৰ৷ নিশ্চিতকৈ আমি কথা মিলিলে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে একত্ৰিত হৈ কাম কৰিম৷ উপ–নিৰ্বাচনত কি কৰিম, সেয়া আজিয়েই কৈ দিব নোৱাৰি৷”

কিন্তু ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মহাজোঁটক লৈ আলোচনা চলিলেও এই বিষয়ক সহজভাৱে ল’ব পৰা নাই মহাজোঁটৰ দল এআইইউডিএফ-এ। দলটোৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই কয় যে অখিল গগৈয়ে অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ হৈ কাম কৰিছিল। নিৰ্বাচনত বিজেপিক সহায় কৰা অখিল গগৈক এতিয়া মহাজোঁটৰ কিয় প্ৰয়োজন বুলিও কটাক্ষ কৰে বিধায়কগৰাকীয়ে।