হঠাৎ অসুস্থ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, হাস্পতালত ভৰ্তি

90

হঠাৎ অসুস্থ হৈ পৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট। তীব্ৰ বুকুৰ বিষত আক্ৰান্ত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীক জয়পুৰৰ চৱাই মানসিং চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

নিজৰ স্বাস্থ্যৰ অৱনতিৰ কথা টুইটযোগে জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “কালিৰ পৰা পোষ্ট কোভিড প্ৰভাৱৰ বাবে মই অসুস্থ হৈ পৰিছো। মোৰ বুকুত তীক্ষ্ণ বিষ হৈছে। এছএমএছ চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছোঁ। এঞ্জিওপ্লাষ্টি কৰা হ’ব। মই সুখী যে মোক এছএমএছ চিকিৎসালয়ত চিকিৎসা কৰা হৈছে। মই ভালে আছোঁ আৰু সোনকালেই ঘূৰি আহিম। আপোনালোক সকলোৰে প্ৰাৰ্থনা আৰু আশীৰ্বাদ মোৰ সৈতে আছে।”