হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ বিজেপি বিধায়ক

69

হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰি এইবাৰ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন বিজেপি বিধায়ক। মঙলবাৰে তেলেংগানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজ্যখনৰ বিজেপি বিধায়ক টি ৰাজা সিঙক।

উল্লেখ্য যে, পয়গম্বৰ হজৰত মহম্মদক লৈ আপত্তিজনক শব্দ ব্যৱহাৰ কৰি এটা ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰিছিল বিধায়কজনে। ইয়াৰ পিছতে বিধায়কজনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসংখ্য লোকে।

শনিবাৰে হাইদৰাবাদৰ ৰাজপথত অগনন লোকে টি ৰাজা সিঙক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়ত কেইবাজনো প্ৰতিবাদকাৰীকো আটক কৰে আৰক্ষীয়ে।

অন্যহাতে প্ৰতিবাদে পৰিস্থিতি উত্তাল কৰাৰ সময়তে মঙলবাৰে হাইদৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বিজেপি বিধায়কজনক। ইতিমধ্যে বিধায়কজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে হজৰত মহম্মদক লৈ অপমানজনক মন্তব্য কৰি দেশে-বিদেশে বিতৰ্কৰ সৃষ্টি কৰিছিল বিজেপি নেত্ৰী নূপুৰ শৰ্মাই। যাৰ বাবে তেওঁক ৬ বছৰৰ বাবে দলৰ পৰা বহিস্কাৰো কৰা হৈছিল।