সৰবৰহী মহিলা কিৰণবালা শইকীয়াৰ মৃত্যু

59

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ চচল, ছয়মাইল নিবাসী সৰবৰহী মহিলা কিৰণবালা শইকীয়াৰ পহিলা আগষ্টত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। বিগত প্ৰায় এমাহ ধৰি উচ্চ ৰক্তচাপৰ বাবে তেওঁ চিকিৎসাধীন হৈ আছিল। অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা প্ৰয়াত মোহিনী মোহন শইকীয়াৰ পত্নী কিৰণবালা শইকীয়াই মৃত্যুৰ সময়ত দুগৰাকী কন্যা, এজন পুত্ৰ, পৰিয়াল বৰ্গ, আত্মীয় স্বজনক এৰি যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰে।