স্বেচ্ছাসেৱী সংগঠন “ফেচ ইণ্ডিয়া”ৰ উদ্যোগত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ”

65

ষ্টাফ ৰিপোৰ্টাৰ, ১ মে: কৰ’না ভাইৰাছৰ সংক্ৰমনৰ ফলত দেশ তথা ৰাজ্যত হোৱা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্বেচ্ছাসেৱী সংগঠন ফেচ ইণ্ডিয়া ছলেছ ইন টাইম অৱ নিডৰ উদ্যোগত আৰু ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ সহযোগত সমাজৰ আৰ্তজনক সহায়ৰ হাত শুকুৰবাৰে আগবঢ়োৱা হয়। এই সম্পৰ্কে স্বেচ্ছাসেৱী সংগঠনৰটোৰ মহিলা সমন্বয়ক ছায়া কলিতাই কয় ” আমি শুকুৰবাৰে গুৱাহাটীৰ মণিপুৰী বস্তিৰ কে চি পাটোৱাৰী লেনৰ ২৫ টা দুখীয়া পৰিয়ালৰ মাজত খাদ্যসামগ্রী বিতৰণ কৰোঁ।
এতিয়ালৈকে আমি ২২০০ টা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ। লকডাউন নোখোলা পৰ্যন্ত আমাৰ এই কাৰ্যসূচী অব্যাহত থাকিব।” এই অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনৰটোৰ কাৰ্যবাহী সঞ্চালক ডঃ চার্জি জৰ্জৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।