স্বামীয়ে হত্যা কৰিলে পত্নীক!

127

দৰঙৰ ধূলাত বৰবৰ কাণ্ড।
ধূলাত চাঞ্চল‍্যকৰ হত্যাকাণ্ড ।
সন্দেজনক অৱস্থাত উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ ।
স্বামীৰ লগতে স্বামী পৰিয়ালে নিজ কইনাক হত্যা কৰাৰ অভিযোগ ।
নিৰ্মম প্ৰহাৰ কৰি নিজ বোৱাৰীক হত্যাৰ অভিযোগ।
দৰঙৰ ধূলাৰ পানীয়াখাটত সংঘটিত হৈছে এই ঘটনা ।
অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।
ৰাজ্য কঁপাই যোৱা পূৰ্বৰ ধূলাৰ হত্যাকাণ্ডৰ পিছতেই দৰঙৰ ধূলাত পুনৰ সংঘটিত হল ৰহস্যজনক হত্যাকাণ্ড। মঙলবাৰে দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত পানীয়াখাট গাঁৱৰ টংকো আলি আৰু তেওঁৰ পৰিয়ালে নিজ বোৱাৰী আচফুলি বেগমক হত্যাৰ অভিযোগ উৎখাপিত হয়। জানিব পৰা মতে পূৰ্বৰ পৰাই বোৱাৰী জনীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল স্বামী তথা স্বামী ঘৰৰ পৰিয়ালে। অৱশেষত মঙলবাৰে বোৱাৰী জনীক মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ তোলে মৃত বোৱাৰীৰ ককায়েকে। পৰিকল্পিত ভাবে বোৱাৰী জনীক হত্যাৰ অভিযোগ তোলে বোৱাৰীৰ আত্মীয়ই। বোৱাৰী গৰাকীৰ আত্মীয়ই ঘটনাৰ খবৰ পাই ধূলা আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃদেহটো উদ্ধাৰ কৰাৰ লগতে বুধবাৰে দুগৰাকী দণ্ডাধীশ ঘটনা স্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত চলায়। অৱশেষত মৃতদেহটো মুৰুণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে স্বামী টংকো আলিৰ লগতে তেওঁৰ পৰিয়াল বৰ্তমান পলাতক অৱস্থাত। এয়া আত্ম হত্যা নে হত্যা , আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকাশ পাব ঘটনাৰ মূল ৰহস্য ।