স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিল্লীত উদ্ধাৰ বৃহৎ পৰিমাণৰ গোলাবাৰুদ

226

স্বাধীনতা দিৱসৰ পূৰ্বে দিল্লীত উদ্ধাৰ বৃহৎ পৰিমাণৰ গোলাবাৰুদ। শুকুৰবাৰে সংঘটিত হোৱা ঘটনাটোত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, এজন ৰিক্সাচালকৰ প্ৰচেষ্টাত এই অভিযান সম্ভৱ হৈ উঠিছিল। ৰাজধানীৰ মাজমজিয়াতে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ হোৱাৰ বাবে চিন্তিত হৈ পৰিছে নিৰাপত্তা মহল।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি দিল্লীৰ আনন্দ বিহাৰ অঞ্চলৰ পৰা দুটা বেগৰ ভিতৰত উদ্ধাৰ কৰা হৈছে এই বৃহৎ পৰিমাণৰ গোলাবাৰুদ। য’ত প্ৰায় ২ হাজাৰ কাৰ্তুজো আছে। এই ঘটনাৰ আঁৰত জেহাদী নেটৱৰ্ক আছে নে নাই তদন্ত চলি আছে। এখন সংবাদমেলত দিল্লী আৰক্ষীৰ এচিপি বিক্ৰমজিৎ সিঙে কয় যে, “এই ঘটনাত ৬জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।” ধৃতসকলৰ ভিতৰত আছে দুজন অস্ত্ৰ সৰবৰাহকাৰী। ৰুৰকী আৰু জৌনপুৰৰ দুজন লোকৰ লগতে ডেৰাডুনৰ এজন অস্ত্ৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে।” তদুপৰি উত্তৰ প্ৰদেশলৈ চোৰাং অস্ত্ৰ সৰবৰাহ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। দিল্লীৰ পৰা লক্ষ্ণৌলৈ চোৰাংভাৱে অনাৰ সময়ত আৰক্ষীৰ হাতত পৰে অস্ত্ৰ-শস্ত্ৰ।

দিল্লী আৰক্ষীৰ ডিচিপি (পূব) প্ৰিয়ংকা শৰ্মাই জনোৱা মতে, গধুৰ বেগ লৈ দুজন লোকক দেখি এজন ৰিক্সা চালকে সন্দেহ কৰে। তেওঁ এজন আৰক্ষী কনিষ্টবলক এই বিষয়ে জনায়। সেই তথ্যৰ ভিত্তিত সঁজুলিৰ লগতে আজমল আৰু ৰছিদ নামৰ দুজন চোৰাং ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰা হয়। দুয়োজনেই উত্তৰ প্ৰদেশৰ জৌনপুৰৰ বাসিন্দা।

উল্লেখযোগ্য যে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ পৰা ইছলামিক ষ্টেটৰ এজন উগ্ৰপন্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। উত্তৰ প্ৰদেশৰ এ টি এছে ৰাজ্যৰ আজমগড়ৰ আমিলোৰ পৰা গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, স্বাধীনতা দিৱসৰ দিনা যুৱকজনে আই ই ডি বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰিছিল। ফলত স্বাধীনতা দিৱসৰ দিনা ভেঙুচালিৰ পৰিকল্পনা বিফল হৈছে। এনে অৱস্থাত স্বয়ং ৰাজধানী দিল্লীৰ মাজমজিয়াত অস্ত্ৰ-শস্ত্ৰৰ আৱিষ্কাৰে নিৰাপত্তা মহলত উদ্বেগৰ সৃষ্টি কৰিছে।