স্বাধীনতা দিৱসত ত্ৰিৰংগাৰ সৈতে একেলগে আকাশত উৰিল বিজেপিৰ দলীয় পতাকা

60

ডিজিটেল ডেস্ক:- দেশ মানেই বিজেপি নেকি? প্ৰশ্নটোৱে আপোনাক হাঁহিবলৈ বাধ্য কৰালেও আজিৰ সময়ত এই প্ৰশ্ন অদ্ভুত নহয়। কেন্দ্ৰত মোদী চৰকাৰ অহাৰ পৰা হিন্দুত্ববাদী সত্বাটো অধিক জাগ্ৰত হৈ উঠা বুলি বহুতে কব খোজে। শেহতীয়াকৈ অযোধ্যাত ৰাম মন্দিৰৰ ভূমিপূজন দিনাই অনুষ্ঠিত হোৱা ৰামলীলাতো গেৰুৱা ৰঙৰ প্ৰভূত ব্যৱহাৰ দেখা গৈছিল।

আনহাতে সমগ্ৰ দেশজুৰি আজি পালিত হোৱা ৭৪ সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে একাকাৰ হৈ পৰিল বিজেপিৰ দলীয় পতাকা। ধুবুৰীৰ পূব জিলা বিজেপিৰ উদ্যোগত ৰাণীগঞ্জ ব্লক মণ্ডল বিজেপিয়ে পালন কৰা স্বাধীনতা দিৱসত ত্ৰিৰংগাৰ সৈতে একেলগে উৰিল বিজেপিৰ দলীয় পতাকা।

এই আলোকচিত্ৰ এতিয়া চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শাসকীয় দলটোৱে স্বাধীনতা দিবসটোকো গেৰুৱা ৰঙেৰে ৰঙোৱাৰ অপচেষ্টা আৰম্ভ কৰিছে বুলি বিভিন্নজনে অভিযোগ কৰিছে।