সোণ, BMW নোপোৱাৰ বাবেই বিবাহ বাতিল দৰাৰ! মানসিকভাৱে ভাগি পৰি চৰম পথ বাছি ল’লে চিকিৎসক তৰুণীয়ে

152

কেৰালাৰ এগৰাকী চিকিৎসক তৰুণীয়ে অতিৰিক্ত যৌতুকৰ হেঁচাত আত্মহত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অভিযোগ অনুসৰি দৰাজনে নগদ ধন, সোণ আৰু বিএমডব্লিউ গাড়ী বিচাৰি হেঁচা প্ৰয়োগ কৰিছিল। যুৱতীগৰাকীয়ে সেই দাবী মানি ল’ব বিচৰা নাছিল। ফলত হ’বলগীয়া বিয়াখন বাতিল কৰে দৰাই। তাৰ পিছতে চিকিৎসক যুৱতীগৰাকীয়ে মানসিক চাপ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰে! ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জেও এই ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি শ্বাহানা (২৬) তিৰুৱানন্তপুৰম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী আছিল। তেওঁ স্নাতকোত্তৰ পৰ্যায়ত পঢ়ি আছিল। কলেজৰ ওচৰৰ ঘৰ এটাত ভাড়াতেই বাস কৰিছিল। একেখন কলেজতে পঢ়া যুৱক এজনৰ লগত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে যুৱতীগৰাকীৰ বিয়া সেই যুৱকজনৰ সৈতে ঠিক কৰা হৈছিল। কিন্তু যুৱকজনৰ পৰিয়ালে অতিৰিক্ত যৌতুক দাবী কৰাত বাধাৰ সৃষ্টি হয় বিবাহত।

জানিব পৰা মতে যুৱকজনৰ পৰিয়ালে নগদ ধন, সোণৰ গহনা আৰু এখন বিএমডব্লিউ গাড়ী বিচাৰিছিল। যিটো দিবলৈ অস্বীকাৰ কৰিলে তৰুণীগৰাকীয়ে। ইয়াৰ পিছতে যুৱকজনে পৰিয়ালৰ হৈ বিবাহ ভাঙি পেলায়। এই ঘটনাৰ পিছতে কলেজৰ সমীপৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। চিকিৎসকগৰাকীৰ মৃত্যুত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ কয় যে ধনৰ দাবী প্ৰমাণিত হ’লে কঠোৰ শাস্তি বিহা হ’ব।

ইফালে এই ঘটনাত সক্ৰিয় হৈ পৰিছে কেৰেলা মহিলা আয়োগ। ঘটনা সন্দৰ্ভত পৃথকে পৃথকে তদন্ত আৰম্ভ কৰিছে। আনহাতে, চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত যুৱ চিকিৎসকজনক পদচ্যুত কৰা বুলি জানিব পৰা গৈছে। তদন্ত অনুসৰি আৰক্ষীয়ে জানিব পাৰিছে যে ছোৱালীজনীৰ পিতৃ ব্যৱসায়ৰ বাবে পশ্চিম এছিয়াত আছিল। তাতেই শেহতীয়াকৈ তেওঁৰ মৃত্যু হয়।