সোণ কিনাৰ সুবৰ্ণ সুযোগ

35

একেৰাহে তৃতীয় দিনলৈ হ্ৰাস পাইছে সোণৰ মূল্য। আজি অৰ্থাৎ ২০২৪ চনৰ ৩ ডিচেম্বৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫০০ টকা কমিছে।৩ ডিচেম্বৰ মঙলবাৰে ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য হ্ৰাস পাইছে। মানিকণ্ট্ৰলৰ প্ৰতিবেদন অনুসৰি ২২ কেৰেট সোণৰ মূল্য ৭০,৯০০ টকাৰ ওচৰ চাপিছে। একে সময়তে ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,৩৫০ টকা। দেশৰ বহু ডাঙৰ চহৰত সোণৰ দাম বেলেগ বেলেগ।আজি দেশৰ ৰাজধানী দিল্লীত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭১,০৫০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য ৭৭,৫০০ টকা।মুম্বাইত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭০,৯০০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৩৫০ টকা।গুৱাহাটীত সোণৰ মূল্য
আজি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৭৬,৭৬০ টকা আৰু ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭৩,১০০ টকা। আজি দেশত হ্ৰাস পাইছে সোণ-ৰূপ উভয়ৰে দাম। এক কিলো ৰূপৰ মূল্য আহিল ৯১ হাজাৰ টকা। ৫০০ টকা হ্ৰাস পাইছে ৰূপৰ মূল্য।