সোণাপুৰ মিলন জ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী অনুষ্ঠান

200

নাওবৈচা শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাপুৰ মিলন জ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী অনুষ্ঠান সম্পণ্ণ ।

লখিমপুৰ জিলাৰ অন্তৰ্গত চৰকাৰী মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান সোণাপুৰ মিলন জ্যোতি প্ৰাথমিক বিদ্যালয়ত স্বাধীনতা দিৱসৰ লগতে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “প্ৰভাত ফেৰী” সফল কৰাৰ উদ্দেশ্যে এক বিশাল ত্ৰিৰংগা পদযাত্ৰা উলিওৱা হ’য়।

ছাত্ৰ ছাত্ৰীৰ মাজত স্বদেশপ্ৰেমৰ এক নৱজাগৰন সৃষ্টিৰ মানসৰে আজিৰ ” প্ৰভাত ফেৰী” অনুষ্ঠানটি আয়োজন কৰা হয় ।

ৰাষ্ট্ৰীয় সংগীতৰে বিদ্যাল়য় খনৰ কণ কণ শিশু সকলে হাতত ত্ৰিৰংগা লৈ উলিওৱা প্ৰভাত ফেৰী অনুষ্ঠানটিত ৬৬ জন ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয় খনৰ গতে লাগি থকা অংগনবাদি বিদ্যালয় খনৰৰ ছাত্ৰ ছাত্ৰী সকলেও এই ত্ৰিৰংগা প্ৰভাত ফেৰী সামৰনি অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

আজিৰ এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক দুৰ্গেশ্বৰ হাজৰিকা,সহ শিক্ষক অচুৎ দুৱৰা, অংগনাবাদি শিক্ষয়িত্ৰী ফুলেশ্বৰী হাজৰিকাৰ লগতে স্থানীয় কেইবাজনো ব্যক্তি।