ষ্টাফৰিপ’ৰ্টাৰ,,,,৩ জুলাই।।।শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ প্ৰয়াসেৰে একাধিক অভিলাষী আঁচনি ৰূপায়ন কৰা ৰাউণ্ডটেবুল ইণ্ডিয়া চমুকৈ আৰটিআইয়ে শুকুৰবাৰে মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ কুমাৰকুছি হাইস্কুলত চাৰিটা শ্ৰেণীকোঠা অনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কুমাৰকুছি হাইস্কুলত নতুনকৈ নিৰ্মাণ কৰা চাৰিটা শ্ৰেণীকোঠা নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিছিল ইউনাইটেড ইণ্ডিয়া ইনচুৰেঞ্চৰ সহযোগত গুৱাহাটী আৰ্বান ৰাউণ্ড টেবুল চমুকৈ জি ইউ আৰ টি-৩২১। আজি চাৰিটা শ্ৰেণীকোঠাযুক্ত ভৱনটো অনুষ্ঠানিকভাৱে উদ্বোধন কৰে এৰিয়া চেয়াৰমেন ৰবিন আগৰৱালাই।
উল্লেখযোগ্য যে, নৱেনির্মিত চাৰিটা শ্ৰেণীকোঠাযুক্ত ভৱনটোৱে ২০০ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব। অতিকৈ পিছপৰা অঞ্চল সমূহত শিক্ষাৰ পোহৰ বিয়পোৱাৰ উদ্দেশ্যে ৰাউণ্ড টেবুল অৱ ইণ্ডিয়াই বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত শ্ৰেণীকোঠা নিৰ্মাণ, খোৱাপানীকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্রী প্ৰদান কৰি আহিছে।সকলোৰে বাবে শিক্ষা এক কাৰ্যসূচী হাতত লৈ আৰটিআইয়ে এনেধৰণৰ আঁচনি ৰূপায়ণ কৰি আহিছে।