ষ্টাফৰিপৰ্টাৰ, ২২জুনঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া যুঁজাৰু চিকিৎসা কৰ্মী,আৰক্ষী,সাংবাদিক তথা সমাজ কৰ্মী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে জাফাৰ মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত মহানগৰীৰ সোণাপুৰ আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত সোমবাৰে এখন বিশেষ সম্বৰ্ধনা অনুস্থান অনুস্থিত হয়। উল্লেখ্য সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড°ধৰ্মৰাম ডেকাৰ পৌৰহিত্যত অনুস্থিত হোৱা সম্বৰ্ধনা অনুস্থানটিত মৰিগাওঁ আৰু কামৰূপ মহানগৰ জিলাৰ ক্ৰমে দৈনিক অসম কাকতৰ সাংবাদিক পংকজ ডেকা,দৈনিক অগ্ৰদূত কাকতৰ জেষ্ঠ সাংবাদিক অজিত দাস, সাংবাদিক কৰৱী বৰশইকীয়া, বিশিষ্ট চিকিৎসক ডাঃনিতুল দাস,বেচৰকাৰী প্ৰতিস্থানৰ কৃষ্ণ ৰংপি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মানস প্ৰতিম বৰগোহাই,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা কাৰ্যবাহী বিষয়া বিপুল চন্দ্ৰ ডেকা, মৰিগাওঁৰ যান বাহন আৰক্ষী বিষয়া কুশল বৰা,সমাজ সেৱক ৰাজু মহন্ত,মৰিগাওঁ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খগেন বৰদলৈ আৰু কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকাক একোখনকৈ ফুলাম গামোচা,জাপি,শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়।অনুস্থানত বিশিষ্ট সমাজ সেৱক তথা শিক্ষক নামেশ্বৰ বড়োৰ লগতে জাফাৰ কেন্দ্ৰীয় সম্পাদক কুঞ্জ মোহন ৰায়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে।
