সেনা জোৱানৰ সন্মুখত সন্ত্ৰাসবাদীৰ নাটকীয় আত্মসমৰ্পণ, ভাইৰেল ভিডিঅ’

93

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ অনন্তনাগত এজন সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণৰ এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। ভাৰতীয় সেনাৰ সন্মুখত আত্মসমৰ্পণ কৰা সন্ত্ৰাসবাদীজনৰ নাম জাহাংগীৰ ভাট।

ভাৰতীয় সেনাই প্ৰকাশ কৰা এই ভিডিঅ’টোত দেখা গৈছে এজন প্ৰায় ২০ বৰ্ষীয় সন্ত্ৰাসবাদীক। পিন্ধনত কেৱল মাথো এটা পেণ্ট। দুই হাত ওপৰলৈ তুলি হাবিৰ মাজৰ পৰা ওলাই আহিছে। এজন সেনাই সন্ত্ৰাসবাদীজনক বাৰে বাৰে আশ্বাস দিছে- কোনেও গুলীবৰ্ষণ নকৰে। তাৰ পিছত জাংহাগীৰ ভাট নামৰ সন্ত্ৰাসবাদীজনক বহিবলৈ দিয়া হৈছে ঘাঁহনিৰ ওপৰত। কোনোবা এজন সেনাই চিঞৰিছে- পানী আনক।

উল্লেখ্য যে, আজি পুৱা অনন্তনাগৰ লাৰণো এলেকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া অভিযান চলাইছিল নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে। এই অভিযানকালতে সেনাৰ আহ্বানত আত্মসমৰ্পণ কৰে জাহাংগীৰ ভাট নামৰ সন্ত্ৰাসবাদীজনে। আৰক্ষী সূত্ৰে প্ৰকাশ যে সন্ত্ৰাসবাদীজনৰ পৰা উদ্ধাৰ কৰা হৈছে এটা একে-৪৭ ৰাইফল।

ইফালে সেনাই জাৰি কৰা আন এটা ভিডিঅ’ত সন্ত্ৰাসবাদীজনৰ পিতৃয়ে সেনা আৰু আৰক্ষীক ধন্যবাদ জনোৱা দেখা গৈছে। তেওঁ কৈছে- জাহাংগীৰক আৰু সন্ত্ৰাসবাদীৰ মাজলৈ যাবলৈ নিদিব…।

খবৰ অনুসৰি ১৩ অক্টোবৰত অনন্তনাগৰ পৰা দুটা একে-৪৭ ৰাইফলসহ সন্ধানহীন হৈছিল এগৰাকী এছপিঅ’ জোৱান। সেই একে দিনাই চৌৰাহাৰ পৰা সন্ধানহীন হৈছিল জাহাংগীৰ ভাট। পৰিয়ালে জাহাংগীৰৰ সন্ধান বিচাৰিছিল যদিও অৱশেষত আজি সন্ত্ৰাসবাদীৰ ভেশত সেনাৰ ওচৰত আত্মসমৰ্পণ কৰ জাহাংগীৰে।