অন্ধবিশ্বাসৰ_বিৰুদ্ধে
“
Indian Institute of Astrophysics, জ্যেষ্ঠ গৱেষক ছাত্ৰ
বাংগালোৰ,
পাৰ্থ প্ৰতীম গোস্বামীৰ অভিমত
সূৰ্য-চন্দ্ৰ-পৃথিৱী নিজ নিজ কক্ষপথত অবিৰত ভাৱে গতিশীল। এনে গতিৰ ফলত যেতিয়া চন্দ্ৰটোৱে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে তেতিয়া পৃথিৱীৰ কোনো কোনো অংশত চন্দ্ৰৰ ছাঁটো পৰা হেতুকে সূৰ্যটো নেদেখা হৈ পৰে। ইয়াকেই সূৰ্যগ্ৰহণ বোলে।
এই সহজ কথাটোকেই জ্যোতিষী সকলে ছদ্মবিজ্ঞানৰ আশ্ৰয় লৈ অতিৰঞ্জিত কৰি প্ৰচাৰ কৰে। লগতে বিভিন্ন ধৰণৰ অপ-প্ৰচাৰেৰে সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰি তোলে।
দূৰ্ভাগ্যজনক কথাটো হ’ল তেওঁলোকক সংবাদ মাধ্যমেও অগ্ৰাধিকাৰ দিয়ে। এনেকুৱা সময়ত সংবাদ মাধ্যমে এগৰাকী জ্যোতিৰ্বিজ্ঞানীৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে এগৰাকী জ্যোতিষীৰ ওচৰলৈ যায়, জ্যোতিষীক আলোচনাৰ অনুষ্ঠানলৈ মাতি অন্ধবিশ্বাস বিয়পোৱাত সহায় কৰে।
কেইটামান প্ৰচলিত অন্ধবিশ্বাস আৰু তাৰ ওপৰত বিজ্ঞানে কি কয় সেয়া তলত আগবঢ়ালো-
অন্ধবিশ্বাসবোৰ-
গ্ৰহণৰ সময়চোৱাত ৰন্ধা-বঢ়া আৰু খোৱা নিষেধ। গৰ্ভৱতী মহিলাসকল ঘৰৰ পৰা ওলোৱা বেয়া। অতি-বেঙুনীয়া ৰশ্মিৰ পৰিমাণ বৃদ্ধি পায়। হানিকাৰক বীজাণু আৰু জীৱাণুৰ প্ৰাদুৰ্ভাৱ বাঢ়ে।
বিজ্ঞানে কয়-
সূৰ্যগ্ৰহণৰ দিনটোও অন্য যিকোনো দিনৰ দৰেই। অতি বেঙুনীয়া ৰশ্মিৰ পৰিমাণ বৃদ্ধি হোৱাৰ কোনো প্ৰমাণ নাই। কোনো জীৱাণু আৰু বীজাণুৰ ওপৰত সূ্ৰ্যগ্ৰহণৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে। গ্ৰহণৰ সময়ত ৰন্ধা-বঢ়া আৰু খোৱা-লোৱাত বাধা থকাৰ কোনো প্ৰশ্নই নুঠে। গৰ্ভৱতী মহিলায়ো যিকোনো সাধাৰণ দিনৰ দৰেই দিনটো অতিবাহিত কৰিব পাৰে। ঘৰৰ বাহিৰ ওলোৱাত কোনো বাধা নাই।
সাৱধানতা-
খালী চকুৰে সূ্ৰ্যৰ ফালে নাচাব। এইটো সাৱধানতাৰো সূৰ্যগ্ৰহণৰ লগত কোনো সম্পৰ্ক নাই। কিন্তু আন্ধাৰ হ’লে সূৰ্যৰ ফালে চোৱাৰ প্ৰৱণতাটোৰ কাৰণেহে এইটো উল্লেখ কৰিছো।
অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এনেকুৱা সুন্দৰ মহাজাগতিক পৰিঘটনাবোৰ উপভোগ নকৰাকৈ নাথাকিব। এনেক্ষেত্ৰত সংবাদ মাধ্যমৰো কৰণীয় ভালেখিনি আছে। সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰাতকৈ সজাগ কৰাত গুৰুত্ব আৰোপ কৰিব লাগে।”