সুস্থ হৈ উঠিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল

76

ষ্টাফৰিপৰ্টাৰ,
সুস্থ হৈ উঠিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল। ক’ভিড-১৯ ত আক্ৰান্ত হৈ চলিত মাহৰ ১১ জুলাইৰ পৰা মুম্বাইৰ চাইফী হাস্পতালত চিকিৎসাধীন হৈ আছিল ধুবুৰীৰ সাংসদ গৰাকী। বদৰুদ্দিন আজমল সম্প্ৰতি সম্পূৰ্ণ সুস্থ হৈ উঠিছে আৰু তেওঁক মঙলবাৰে হাস্পতাল ৰ পৰা মুম্বাইৰ কাফে পেৰেড ( culf parade) স্থিত বাসগৃহ লৈ যাবলৈ দিয়া হৈছে। তেওঁ চুগাৰ আৰু উচ্চৰক্তচাপতো ভুগি আছিল। তেওঁৰ আশু আৰোগ্য কামনা কৰি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা, দোৱা কৰা শুভাকাংশী তথা স্বাস্থ্যৰ বুজ লোৱা সকলক এ আই ইউ ডি এফৰ সভাপতি
বদৰুদ্দিন আজমলে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখ্য মুম্বাইৰ নিজা বাসগৃহত কিছুদিন পূৰ্বে স্বাস্থ্যৰ যথেষ্ঠ অৱনতি ঘটিছিল এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ লগতে তেওঁৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলৰ ৷ পৰৱৰ্তী সময়ত দুয়ো ক’ভিড -১৯ ত আক্ৰান্ত হয় আৰু সম্প্ৰতি দুয়ো সুস্থ হৈ উঠিছে।