“সুসংহত জীৱন শৈলী আৰু সংঘৰ্ষ বিপৰ্যিত যোগাযোগ” শীৰ্ষক ই-কৰ্মশালা

60

ষ্টাফৰিপৰ্টাৰ, ১০ জুন: “সুসংহত জীৱন শৈলী আৰু সংঘৰ্ষ বিপৰ্যিত যোগাযোগ” শীর্ষক দুদিনীয়া ই-কৰ্মশালাখন ৰাজ্যিক বাল ভৱনত ৮ আৰু ৯ জুনত অনুষ্ঠিত হয়। নতুন দিল্লীৰ গান্ধী স্মৃতি আৰু দৰ্শন সমিতিৰ উদ্যোগত আৰু সময় কল্যাণ ভৱনৰ অধীনস্থ ৰাজ্যিক বাল ভৱনৰ সহযোগিতাত এই কৰ্মশালাখন অনুষ্ঠিত হয়। অসম ৰাজ্যিক বাল ভৱনৰ সকলো শিক্ষক আৰু প্ৰায় ,৫৫ গৰাকী শিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। এই কৰ্মশালাৰ প্ৰথম দিনা আদৰণি ভাষণ দিয়ে গান্ধী স্মৃতি আৰু দৰ্শন সমিতিৰ প্ৰগ্ৰাম অফিচাৰ ডঃ ভি কুণ্ডই। আনহাতে বিষয় বস্তু সম্পৰ্কে আলোকপাত কৰে ৰাজ্যিক বাল ভৱনৰ প্ৰাক্তন অধ্যক্ষ কবিতা শৰ্মা ভট্টাচাৰ্যই। কৰ্মশালাত কেইবাগৰাকী প্ৰৱক্তা উপস্থিত থাকে। আনহাতে কৰ্মশালাৰ দ্বিতীয় দিনা বিষয় বস্তু সম্পৰ্কে আলোকপাত কৰে অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে। দ্বিতীয় দিনাও কেইবাগৰাকী সমল ব্যক্তি উপস্থিত থাকে। কৰ্মশালা খন পৰিচালনা কৰে মাইম শিল্পী মিনাংক ডেকাই।