সুশান্ত সিঙৰ আত্মহত্যা কাণ্ডক লৈ বিপদত পৰিব পাৰে পৰিচালক কৰণ জোহৰ…

105

ডিজিটেল ডেস্ক:- মৰণোত্তৰভাৱে মুক্তিপ্ৰাপ্ত অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত ছবি ‘দিল বিচাৰা’ই ছবিপ্ৰেমীৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। কিন্তু তাৰ মাজতে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক ঘটনাক লৈ পুনৰ পোহৰলৈ আহিছে ন ন তথ্য।

শেহতীয়াকৈ সুশান্ত সিঙৰ সম্পৰ্কীয় ভাতৃ তথা বিজেপি বিধায়ক নিৰজ সিং বাবলুৱে অভিনেতা সুশান্ত সিঙে কোনোপধ্যেই আত্মহত্যা কৰিব নোৱাৰে বুলি মন্তব্য কৰি পুনৰ এবাৰ চিবিআই তদন্তৰ দাবী কৰিছে। লগতে ভাতৃৰ আত্মহত্যাক লৈ বলিউদ পৰিচালক কৰণ জহৰকো সোধা পোছা কৰাৰ দাবী জনাইছে বিজেপি বিধায়কগৰাকীয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অভিনেত্ৰী কংগনা ৰাণৱটেও সুশান্ত সিঙৰ আত্মহত্যাৰ পিছত কৰণ জহৰক কিয় মুম্বাই আৰক্ষীয়ে সোধা পোছা কৰা নাই বুলি প্ৰশ্নৰ উত্থাপন কৰিছিল। অভিনেত্ৰী গৰাকীয়ে অভিযোগ কৰি কৈছিল যে কেৱল ধর্মা প্ৰডাকচনৰ চি.ই.অ-কে কিয় মুম্বাই আৰক্ষীয়ে জাননী জাৰি কৰিলে, প্ৰডাকচনটোৰ স্বত্বাধিকাৰী কৰণ জহৰক কিয় এবাৰো সোধা পোছা কৰা হোৱা নাই?

আনফালে অজিত পাৱাৰৰ পুত্ৰ পাৰ্থয়েও অভিনেতা সুশান্ত সিঙ ৰাজপুতৰ আত্মহত্যা কাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাইছে। সেই সম্পৰ্কে তেওঁ মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখক সাক্ষাৎ কৰি দাবী উত্থাপন কৰা বুলিও জানিব পৰা গৈছে। তাৰ পিছতে এতিয়া মুম্বাই আৰক্ষীয়ে পৰিচালক কৰণ জহৰকো সোধা পোছা চলাব পাৰে বুলি চৰ্চা চলিছে।