সুখবৰ! মাৰ্চৰ শেষৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল

99

ৰঙিয়াৰ পৰা পৱন নীল কাশ্যপৰ প্ৰতিবেদনঃ অহা মাৰ্চ মাহৰ শেষৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল। উল্লেখ্য যে, বায়ু আৰু শব্দ প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰে’লৰ জৰিয়তে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানলৈ যাতায়াত কৰিব পাৰিব যাত্ৰীসকলে।

বৈদ্যুতিক ৰে’ল চলাচলৰ বাবে দিনে–নিশাই বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰে’ল বিভাগৰ কৰ্মচাৰীসকলে। ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও-চাংসাৰি, নিউ বঙাইগাঁও-যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰত উচ্চ ক্ষমতাসম্পন্ন ২২ কে ভি ভল্টৰ বিদ্যুৎ সংযোগ কৰা হব।