সিদিনালৈকে সকলো ঠিকেই আছিল! আজি গৰুৰ পঘাৰে ৰাইজে বান্ধি ৰাখিবলগা হৈছে নাছিৰুদ্দিনক

64

হঠাৎ যেন সকলো সলনি হৈ পৰিল! সৌ সিদিনালৈকে এটা সুখৰ পৰিয়াল আছিল মানুহজনৰ। পত্নী, পুত্ৰ-কন্যাৰ সৈতে সুখেৰেই জীৱন নিৰ্বাহ কৰিছিল। কেৰালাৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল তেওঁ। লগতেই আছিল পত্নী আৰু ল’ৰা-ছোৱালীহালো! কিন্তু অসমলৈ ঘূৰি অহাৰ পিছতেই যেন সকলো ওলট পালট হৈ পৰিল। সিদিনালৈকে সকলোৰে সৈতে হাঁহি মাতি থকা সবল-সুঠাম মানুহজনক এতিয়া গৰু বন্ধা পঘাৰে বান্ধি ৰাখিব লগা হৈছে পৰিয়াল আৰু ৰাইজে। কিন্তু কিয়?

তেওঁৰ নাম নাছিৰুদ্দিন আহমেদ। বিশ্বনাথৰ নিৱাসী নাছিৰুদ্দিন ১৭ দিন আগলৈকে সম্পূৰ্ণ সুস্থ আছিল। এমাহ পূৰ্বে তেওঁ কেৰালাৰ পৰা ঘৰলৈ উভতি আহিছিল। কাৰণ আছিল দেশজুৰি আতংকৰ সৃষ্টি কৰা কোভিড পৰিস্থিতি।

ঘৰলৈ অহাৰ পিছতো ঠিকেই আছিল নাছিৰুদ্দিন আহমেদ। কিন্তু হঠাৎ এদি তেওঁ হেৰুৱাই পেলাই মানসিক সন্তোলন। মাত্ৰ ১৭ দিন পূৰ্বলৈকে সকলোৰে লগত হাঁহি মাতি থকা মানুহজনে এতিয়া মানুহ দেখিলেই খেদি আহে, দাঁত নিকটাই গৰজি উঠে।

লাহে লাহে উপদ্ৰৱ বাঢ়িবলৈ ধৰে নাছিৰুদ্দিনৰ। ভয় আৰু আতংকত গাঁৱত চৰ্চা চলে- নাছিৰুদ্দিন পগলা হৈছে… নাছিৰুদ্দিন পগলা হৈছে।

স্বামীৰ এনে ৰূপত আতংকিত হৈ পত্নীয়েও ৪ বছৰীয়া কন্যা সন্তানটিক লৈ এতিয়া মাকৰ ঘৰত সোমাবলগীয়া হৈছে। গাঁৱৰ ঘৰত ৭ বছৰীয়া পুত্ৰ সন্তানটোৰ সৈতে নাছিৰুদ্দিন! নাছিৰুদ্দিনৰ উপদ্ৰৱত অতীষ্ঠ হৈ পৰিয়াল আৰু গাঁৱৰ ৰাইজে মিলি তেওঁক পঘাৰে বান্ধি ৰাখিবলগা হৈছে। সিদিনালৈকে ভালে কুশলে থকা মানুহজনে হঠাৎ কিয় আৰু কেনেকৈ মানসিক সন্তোলন হেৰুৱাই পেলালে, সেয়া সকলোৰে বাবে এতিয়াও ৰহস্য।

ইফালে নাছিৰুদ্দিনৰ এনে মানসিক বিকাৰগ্ৰস্ততাৰ বিষয়ে জানিব পৰা পিছতে তেওঁৰ ঘৰত উপস্থিত হয় কণ্ঠশিল্পী মানস ভাগৱতীসহ ভালেকেইজন লোক। কণ্ঠশিল্পীগৰাকীয়ে নাছিৰুদ্দিনৰ পৰিয়ালৰ সৈতে কথা পাতি সাধ্যানুযায়ী সাহায্য আগবঢ়ায়। লগতে আৰক্ষী আৰু প্ৰশাসনৰ সৈতে কথা পাতি নাছিৰুদ্দিনৰ চিকিৎসাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে মানস ভাগৱতীয়ে।