সিংঘু বৰ্ডাৰত আৰক্ষীৰ ওপৰত তলোৱাৰেৰে আক্ৰমণ; আক্ৰমণত আহত SHO

54

শুকুৰবাৰে দিল্লীৰ সিংঘু বৰ্ডাৰত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয়। তাত আন্দোলন অব্যাহত ৰখা কৃষকসকলৰ বিৰুদ্ধে স্থানীয় বাসিন্দাই প্ৰদৰ্শন কৰিবলৈ আহে আৰু ইয়াৰ মাজতে দুয়োটা দলৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ সময়ছোৱাত আৰক্ষী কৰ্মীসকলকো লক্ষ্য় কৰি লোৱা হয়।

প্ৰতিবাদস্থলীত আলীপুৰৰ SHOৰ ওপৰত চলাই আক্ৰমণ। আহত বিষয়াজনৰ নাম হ’ল প্ৰদীপ কুমাৰ। প্ৰদীপ কুমাৰে ক’লে যে, দুয়োটা দলৰ মাজত সংঘৰ্ষ হোৱাৰ পিছত কৃষকবিলাকে তলোৱাৰেৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। উল্লেখ্য অভিযুক্তক আটক কৰা হৈছে আৰু ভুক্তভোগী আৰক্ষী বিষয়াজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে, শুকুৰবাৰে স্থানীয় লোকসকলে পুৱাৰে পৰা কৃষক প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে প্ৰদৰ্শন চলাই আছিল। হাইৱে’ খালী কৰি দিয়াৰ দাবী জনাইছিল স্থানীয় লোকসকলে আৰু লালকিল্লাত হোৱা হিংসাৰ বিৰোধিতা কৰে।

সেই সময়তে পৰিস্থিতি ইমান অশান্তিকৰ হৈ পৰে যে দুয়োটা দলৰ মাজত শিলাবৰ্ষণ আৰম্ভ হয়। পৰিস্থিতি অনিয়ন্ত্ৰণ হোৱা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলৈ বাধ্য হয়। কৃষক আন্দোলনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা স্থানীয় নিৱাসীসকলে কোৱা অনুসৰি, লালকিল্লাত যিধৰণে ত্ৰিৰংগাৰ অপমান কৰা হৈছে, সেয়া দেখি এতিয়া তেওঁলোকে কৃষক আন্দোলনক সমৰ্থন নজনায়।