ষ্টাফ ৰিপোৰ্টাৰ, ৬ মে’ : সকীয়নী দিলে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ।
লক ডাউনৰ সময়ত আইন ভংগ কৰা সকলক দিয়া হ’ব কঠোৰ দণ্ড । মুখ্য সচিৱ গৰাকীয়ে টুইটাৰযোগে স্পষ্ট কৰি দিছে যে লকডাউনৰ সময়চোৱাত নিয়ম অমান্যকাৰী
সকলো ব্যক্তিগত প্ৰতিষ্ঠান, ব্যৱসায়ী,গাড়ী-মটৰ চালক অথবা যাত্ৰীৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনকি নিয়ম উলংঘাকাৰী গাড়ী-মটৰ চালকৰ অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল কৰা হ’ব পাৰে। তেওঁ সামাজিক দুৰত্ব মানি চলি নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈও জণসাধাৰনৰ প্ৰতি আহ্বান জনায়।