সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক

486

সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক।

লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিৰঞ্জন দলে নামৰ যুৱকজনক।

ধৃত যুৱকজনৰ ঘৰ লখিমপুৰ দিলাৰ পূব ছাগলীকটাত।

নিজৰ ফেচবুকত একাউণ্টত আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰিছিল নিৰঞ্জনে।

তাৰ পিছতে লখিমপুৰ আৰক্ষীৰ আইটি চেলে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আলফা স্বাধীনৰ সমৰ্থনত পোষ্ট কৰাৰ অপৰাধত লখিমপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৬ জন যুৱকক।