সাপ্তাহিক ”কলংপাৰ” কাকতৰ উদ্যোগত অসম ভিত্তিত প্ৰবন্ধ, গল্প, ৰম্য ৰচনা, কবিতা, চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন

526

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক ”কলংপাৰ” কাকত খনিয়ে অহা ১৮ আগষ্টত চতুৰ্বিংশতি বৰ্ষত পদাৰ্পণ কৰিব য। সেই উপলক্ষে “কলংপাৰ” কাকতৰ হৈ তিলক প্ৰকাশনৰ দ্বাৰা সদৌ অসম ভিত্তিত কাকতৰ প্ৰাক্তন মুখ্য সম্পাদক ড° আবু হানিফা সোঁৱৰণী প্ৰৱন্ধ, প্ৰতিষ্ঠাপক সম্পাদক বলেন বৰা সোঁৱৰণী ৰম্য ৰচনা, প্ৰাক্তন সম্পাদক সুৰেন কুমাৰ বৰা সোঁৱৰণী গল্প, সাংবাদিক-কার্টুনিষ্ট অচ্যুৎ প্ৰৱৰ শৰ্মা সোঁৱৰণী কবিতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

লেখাসমূহ অহা ১৫ জুলাইৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। প্ৰতিটো প্ৰতিযোগিতাতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্থানপ্ৰাপ্তসকলক (মুঠ ১৫ টা) পুৰস্কাৰ প্ৰদান কৰা হ’ব। যিকোনো বয়সৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগিতাসমূহৰ কোনো নিৰ্দিষ্ট বিষয় নাই যদিও লেখাসমূহ যথাসম্ভৱ চুটি হোৱাটো বাঞ্ছনীয়।

প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা লেখাসমূহ পূৰ্ব প্ৰকাশিত হ’ব নালাগিব। আন কোনো প্ৰতিযোগিতাত পুৰস্কৃত লেখা/চিত্ৰ গ্রহণযোগ্য নহ’ব। প্ৰবন্ধ প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰতিযোগীসকলে প্ৰবন্ধৰ নাম আৰু বিষয় স্পষ্টকৈ উল্লেখ কৰিব লাগিব। প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত বা মানদণ্ডসম্পন্ন লেখাসমূহ “কলংপাৰ” কাকতত পৰ্যায়ক্ৰমে প্ৰকাশ কৰা হ’ব। উল্লেখ্য যে এই প্ৰতিযোগিতাসমূহত “কলংপাৰ” কাকতত সুবিধা অনুসৰি প্ৰকাশ কৰা হ’ব।

উল্লেখ্য যে এই প্ৰতিযোগিতাসমূহত ”কলংপাৰ” কাকতৰ প্ৰকাশনৰ লগত জড়িত ব্যক্তি বা তেওঁলোকৰ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰিব নোৱাৰিব। বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিতব্য অনুষ্ঠানত স্থান প্ৰাপ্তসকলক বঁটা প্ৰদান কৰা হ’ব। প্ৰতিযোগীসকলে তেওঁলোকৰ লেখাসমূহৰ আৰম্ভণিতে বা খামৰ ওপৰত “প্ৰতিযোগিতাৰ বাবে” বুলি উল্লেখ কৰি কাকতৰ কাৰ্য্যালয়ৰ ঠিকনা- মুখ্য সম্পাদক, সাপ্তাহিক “কলংপাৰ”, মাৰফৎ- সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ মুখ্য কাৰ্য্যালয়, শংকৰ নগৰ, চানমাৰি পথ, হয়বৰগাঁও, নগাঁও-৭৮২০০২, (অসম)লৈ প্ৰেৰণ কৰিব পাৰিব।

অথবা সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰসহ উল্লেখ কৰি ই-মেইল আই ডি- Kolongpar1999@gmail.com লৈকো প্ৰেৰণ কৰিব পাৰিব বুলি “কলংপাৰ” ৰ পৰিচালন সঞ্চালক বল্লদেৱ শৰ্মাই জনাইছে। প্ৰতিযোগীসকলে সবিশেষ জানিবৰ বাবে ফোন নং- ৯৯৫৭০১২৫১০ অথবা ৭০০২৯৩০২৭১ ৰ সৈতে যোগাযোগ কৰিব পাৰে।